Type Here to Get Search Results !

Elements of LaTeX; Hands-on Training of LaTeX | B.Sc (Mathematics) | Guwahati University | Bhattadev University

 

LaTeX উপাদানসমূহ আৰু LaTeX- প্ৰাকটিকেল প্ৰশিক্ষণ


🔷 ভূমিকা

LaTeX  এটা উচ্চ-মানৰ টাইপছেটিং ব্যৱস্থা, যি বেছিভাগকৈ গৱেষণাত্মক আৰু গাণিতিক নথিপত্ৰ তৈয়াৰ কৰিবলৈ ব্যৱহৃত হয়। বিশেষকৈ বিজ্ঞান, গণিত আৰু প্ৰযুক্তি বিষয়ত লেখালেখিৰ ক্ষেত্ৰত যথেষ্ট জনপ্ৰিয়

LaTeX হৈছে এটা Markup Language, মানে আপুনি সাধাৰণ লেখাৰ মাজতে নিৰ্দিষ্ট কোড লিখে যি তাত লিখা বস্তুবোৰ কেনেদৰে ছাপ , সেয়া নিৰ্ধাৰণ কৰে


🔷 LaTeX কিয় ব্যৱহাৰ কৰা হয়?

  • উচ্চ-মানৰ প্ৰিন্টিং আৰু গাণিতিক প্ৰকাশৰ সুবিধা
  • একাডেমিক কাগজ, ৰিছাৰ্চ পেপাৰ, আৰু থিছিছ লিখাত ব্যাপক ব্যৱহাৰ
  • বৃহৎ নথিপত্ৰ সহজে সুমুৱাব পাৰে
  • Equation, Figure, Table ইত্যাদিৰ numbering অটোমেটিক হয়
  • Citation আৰু bibliography ব্যৱস্থাপনা সহজ
  • সম্পূৰ্ণৰূপে কাষ্টমাইজ কৰা যায়

🔷 LaTeX নথিপত্ৰৰ মূল গঠন

LaTeX নথিপত্ৰত দুটা ভাগ থাকে:

1.   Preamble: নথিপত্ৰৰ মুৰত থকা কোড যি format আৰু package set কৰে

2.   Document Body: মূল বিষয়বস্তু

 

\documentclass{article}

\usepackage{amsmath}

\usepackage{graphicx}

 

\begin{document}

 

\title{LaTeX পৰিচয়}

\author{আপোনাৰ নাম}

\date{\today}

\maketitle

 

\section{ভূমিকা}

এইটো আপোনাৰ প্ৰথমটো LaTeX নথিপত্ৰ।

 

\end{document}

 


🔷 LaTeX উপাদানসমূহ

1. 📄 Document Classes

নথিপত্ৰৰ ধরন নিৰ্ধাৰণ কৰে:

  • article: সাধাৰণ প্ৰবন্ধৰ বাবে
  • report: ডাঙৰ ৰিপৰ্ট
  • book: কিতাপৰ বাবে
  • beamer: Presentation slides বাবে

2. 📦 Packages

Package- অতিরিক্ত সুবিধা যোগ কৰে:

 

\usepackage{amsmath}       % Math symbols

\usepackage{graphicx}      % Image insert

\usepackage{hyperref}      % Hyperlink support

 

3. 📑 Sectioning

 

 

\section{বিভাগ}

\subsection{উপ-বিভাগ}

\subsubsection{অতি-উপ-বিভাগ}

 

 

3.    ✍️ পাঠ্য (Text) ফৰ্মেটিং

 

\textbf{Bold} \textit{Italic} \underline{Underline}

 

5. List (তালিকা)

  • Bullet List (itemize):

 

 

\begin{itemize}

  \item প্ৰথম

  \item দ্বিতীয়

\end{itemize}

 

  • Numbered List (enumerate):

 

\begin{enumerate}

  \item প্ৰথম

  \item দ্বিতীয়

\end{enumerate}

 


🔷 গণিত LaTeX কেনেকৈ লিখিব?

1. 🧮 Inline Math (পঙ্‌ক্তিৰ মাজতে):

 

Let $x^2 + y^2 = z^2$ be the equation.

 

2. 🧾 Display Math:

 

\begin{equation}

E = mc^2

\end{equation}

 

3. 📐 সাধাৰণ গাণিতিক সাঙ্কেতিক চিহ্ন

চিহ্ন

LaTeX কোড

α (alpha)

\alpha

সমাকলন

\int_a^b f(x) dx

যোগফল

\sum_{i=1}^{n}

ভগ্নাংশ

\frac{a}{b}

বৰ্গমূল

\sqrt{x}

ম্যাট্ৰিক্স

\begin{bmatrix}...\end{bmatrix}


🔷 ছবি আৰু টেবুল (Figures & Tables)

1. ছবি লগোৱা:

 

\begin{figure}[h]

\centering

\includegraphics[width=0.5\textwidth]{image.jpg}

\caption{নমুনা ছবি}

\label{fig:sample}

\end{figure}

 

2. টেবুল বনোৱা:

 

\begin{tabular}{|c|c|}

\hline

A & B \\

\hline

1 & 2 \\

3 & 4 \\

\hline

\end{tabular}

 


🔷 Citation আৰু Bibliography

 

\cite{author2020paper}

\bibliographystyle{plain}

\bibliography{references}

 

 

📂 references.bib নামৰ ফাইলটোত BibTeX format reference সংৰক্ষণ কৰিব লাগে

 

Post a Comment

0 Comments